top of page

Alzheimer’s Dementia: বয়সৰ সৈতে সংযুক্ত এটা জটিল বেমাৰ

  • Writer: Dr Pulakesh Sarmah
    Dr Pulakesh Sarmah
  • Sep 21, 2025
  • 2 min read

চিকিৎসা আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে মানুহৰ আয়ুস বাঢ়িব ধৰিছে l কিন্তু সকলো ভাল কথাৰ লগতে বেয়া কথা কিছুমান সদায় সংলগ্ন থাকে l তেনেদৰে আয়ুস বঢ়াৰ লগে লগে,  সমাজত কিছু বেমাৰৰ সংখ্যা বাঢ়িব ধৰিছে l


Alzheimer's Dementia
Alzheimer's Dementia

তাৰে ভিতৰত হল এটা Alzheimer's Dementia.

 সাধাৰণতে 60 বছৰৰ ওপৰৰ কিছুমান মানুহ Alzheimer's ৰোগত ভোগা দেখা যায় l কিন্তু কেতিয়াবা তাৰ আগতেও দেখা পোৱা যায l 

প্ৰাৰম্ভিক লক্ষণ হিচাপে মানুহ জনে অলপ কথা পাহৰিব ধৰে l বজাৰত কিবা বস্তু আনিবলৈ যাওঁতে কিবা এটা পাহৰি আহে l ঘৰত বস্তু ৰাখোঁতে কোন ঠাইত ৰাখিলো পাহৰি যায় আৰু বেলেগ ঠাইত বিচাৰি ফূৰে l কামত বেছি মনোযোগ দিব নোৱাৰে,  কাম কিবা এটা হাতত ললেও ভালকৈ কৰিব অসুবিধা অনুভৱ কৰে l


ৰোগটো বাঢ়িব ধৰা লগে লগে ভাত খালে নে নাই,  গা ধুলে নে নাই, তাকো পাহৰি যাব ধৰে l পাহৰি যোৱাৰ ফলত,  বাৰে বাৰে গা ধুব গৈ থাকে,  বা বাৰে বাৰে খাব লৈ খানা বিচাৰি থাকে l কেতিয়াবা তেখেতক সময় মতে খানা পিনাৰ পৰা বঞ্চিত কৰি ৰখা বুলি খুব বেছি উগ্ৰ হৈও যায় l


 লাহে লাহে নিজৰ বস্তু বোৰ জেগাত নোপোৱা কাৰণে ঘৰৰ মানুহ বা আন কোনোবাৰ ওপৰত সন্দেহ হব ধৰে চুৰ কৰা ককাকবুলি l আৰু তাৰ ভয়তে কিছুমান মানুহে সকলো ধৰণৰ বস্তু নিজৰ লগতে ৰাখিব ধৰে l

কেতিয়াবা ঘৰৰ বাহিৰ ওলাই গলে,  ৰাস্তা পাহৰি যায় l লাগিলে একেই ৰাস্তাইদি আগৰ 5 টা দশক আহা যোৱা নকৰক কিয় l


বেমাৰ আৰু বাঢ়িব ধৰাৰ লগে লগে  , লক্ষণসমূহ আৰু বাঢ়িব ধৰে l কাপোৰ কানি পিন্ধিব নাজানা হৈ যায় l কোনদিশে পাকঘৰ,  কোনদিশে গা ধোৱা ঘৰ, একো হিচাপে নাথাকে l

 অকলে অকলে কথা পাতিব ধৰে l  মনত বিভিন্ন ধৰণৰ সন্দেহ আহিব ধৰে l টোপনি খেলি মেলি,  আৰু নানান ধৰণৰ লক্ষণ দেখা দিয়ে l


বহু সংখ্যক মানুহে মন মাৰি থকাও দেখা যায় l সৰু সৰু কথাতে কান্দিব ধৰে, খং উঠিব ধৰে l


এই ৰোগৰ চিকিৎসা থাকেনে?


 Alzheimer's বেমাৰ আৰম্ভ হোৱা পাছত,  মানুহ জনক সম্পুৰ্ণভাৱে সুস্থ কৰিব নোৱাৰি l কিন্তু সঠিক চিকিৎসাৰ দ্বাৰা ৰোগী জনক যথেষ্ট পৰিমাণে সকাহ দিব পাৰি l পাহৰিব ধৰা গতি অলপ হলেও ৰুধিব পাৰি l ভয়,  সন্দেহ,  টোপনিৰ খেলিমেলি,  উগ্ৰতা ইত্যাদি লক্ষণ সমূহ চিকিৎসাৰ দ্বাৰা ভাল কৰিব পাৰি l


Diabetes আৰু High Blood Pressure দৰে বেমাৰ যদি থাকে,  যিমান পাৰে নিয়ন্ত্ৰনত ৰাখিব লাগে l


পৰিয়াল আৰু সমাজৰ দায়িত্ব কিবা আছে নে?


যথেষ্ট বেছি l ঔষধতকৈ বেছি বুলি কলেও ভুল কোৱা নহব l নানান ধৰণৰ প্ৰশ্ন সুধি মানুহ জনক আমনি কৰাতকৈ কথাৰ মাজেৰে দিন,  বাৰ,  মাহ ইত্যাদিৰ আভাষ দি থকা ভাল l সমাজৰ পৰা দূৰত ৰখাতকৈ যিমান পাৰে মানুহৰ লগত মিলা মিচা কৰিব দিব লাগে,  যিমান খিনি কাম কৰিব পাৰে কৰি থাকিব দিব লাগে l এইবোৰ কৰিব দিওঁতে বাৰু অকলে কৰিব দিৱ নালাগে,  তত্ত্বাৱধানত কৰিব দিব লাগে l যিবোৰ কামত মগজুৰ ব্যবহাৰ হৈ থাকে,  যেনে বাতৰি কাকত পঢ়া,  Puzzle কৰা,  সৰু সুৰা খেলা ধূলা এইবোৰ পাৰা লৈকে কৰি থাকিব লাগে l কিছু চাকৰিয়াল মানুহৰ ক্ষেত্ৰত দেখা যায়, চাকৰি কৰি থকালৈকে ভালেই l 


যেতিয়া অৱসৰ লৈ ঘৰত একো নকৰাকৈ বহিব ধৰে,  হঠাতে লক্ষণ সমূহ আগমনি ঘটে l গতিকে বয়স বাঢ়ি যোৱা পাছতো যাতে কিবা কিবি কামত ব্যস্ত থাকিব পাৰে,  তাৰ এটা পৰিবেশ গঢ়ি তোলা উচিত l

Comments


bottom of page