Alzheimer’s Dementia: বয়সৰ সৈতে সংযুক্ত এটা জটিল বেমাৰ
- Dr Pulakesh Sarmah

- Sep 21
- 2 min read
চিকিৎসা আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে মানুহৰ আয়ুস বাঢ়িব ধৰিছে l কিন্তু সকলো ভাল কথাৰ লগতে বেয়া কথা কিছুমান সদায় সংলগ্ন থাকে l তেনেদৰে আয়ুস বঢ়াৰ লগে লগে, সমাজত কিছু বেমাৰৰ সংখ্যা বাঢ়িব ধৰিছে l

তাৰে ভিতৰত হল এটা Alzheimer's Dementia.
সাধাৰণতে 60 বছৰৰ ওপৰৰ কিছুমান মানুহ Alzheimer's ৰোগত ভোগা দেখা যায় l কিন্তু কেতিয়াবা তাৰ আগতেও দেখা পোৱা যায l
প্ৰাৰম্ভিক লক্ষণ হিচাপে মানুহ জনে অলপ কথা পাহৰিব ধৰে l বজাৰত কিবা বস্তু আনিবলৈ যাওঁতে কিবা এটা পাহৰি আহে l ঘৰত বস্তু ৰাখোঁতে কোন ঠাইত ৰাখিলো পাহৰি যায় আৰু বেলেগ ঠাইত বিচাৰি ফূৰে l কামত বেছি মনোযোগ দিব নোৱাৰে, কাম কিবা এটা হাতত ললেও ভালকৈ কৰিব অসুবিধা অনুভৱ কৰে l
ৰোগটো বাঢ়িব ধৰা লগে লগে ভাত খালে নে নাই, গা ধুলে নে নাই, তাকো পাহৰি যাব ধৰে l পাহৰি যোৱাৰ ফলত, বাৰে বাৰে গা ধুব গৈ থাকে, বা বাৰে বাৰে খাব লৈ খানা বিচাৰি থাকে l কেতিয়াবা তেখেতক সময় মতে খানা পিনাৰ পৰা বঞ্চিত কৰি ৰখা বুলি খুব বেছি উগ্ৰ হৈও যায় l
লাহে লাহে নিজৰ বস্তু বোৰ জেগাত নোপোৱা কাৰণে ঘৰৰ মানুহ বা আন কোনোবাৰ ওপৰত সন্দেহ হব ধৰে চুৰ কৰা ককাকবুলি l আৰু তাৰ ভয়তে কিছুমান মানুহে সকলো ধৰণৰ বস্তু নিজৰ লগতে ৰাখিব ধৰে l
কেতিয়াবা ঘৰৰ বাহিৰ ওলাই গলে, ৰাস্তা পাহৰি যায় l লাগিলে একেই ৰাস্তাইদি আগৰ 5 টা দশক আহা যোৱা নকৰক কিয় l
বেমাৰ আৰু বাঢ়িব ধৰাৰ লগে লগে , লক্ষণসমূহ আৰু বাঢ়িব ধৰে l কাপোৰ কানি পিন্ধিব নাজানা হৈ যায় l কোনদিশে পাকঘৰ, কোনদিশে গা ধোৱা ঘৰ, একো হিচাপে নাথাকে l
অকলে অকলে কথা পাতিব ধৰে l মনত বিভিন্ন ধৰণৰ সন্দেহ আহিব ধৰে l টোপনি খেলি মেলি, আৰু নানান ধৰণৰ লক্ষণ দেখা দিয়ে l
বহু সংখ্যক মানুহে মন মাৰি থকাও দেখা যায় l সৰু সৰু কথাতে কান্দিব ধৰে, খং উঠিব ধৰে l
এই ৰোগৰ চিকিৎসা থাকেনে?
Alzheimer's বেমাৰ আৰম্ভ হোৱা পাছত, মানুহ জনক সম্পুৰ্ণভাৱে সুস্থ কৰিব নোৱাৰি l কিন্তু সঠিক চিকিৎসাৰ দ্বাৰা ৰোগী জনক যথেষ্ট পৰিমাণে সকাহ দিব পাৰি l পাহৰিব ধৰা গতি অলপ হলেও ৰুধিব পাৰি l ভয়, সন্দেহ, টোপনিৰ খেলিমেলি, উগ্ৰতা ইত্যাদি লক্ষণ সমূহ চিকিৎসাৰ দ্বাৰা ভাল কৰিব পাৰি l
Diabetes আৰু High Blood Pressure দৰে বেমাৰ যদি থাকে, যিমান পাৰে নিয়ন্ত্ৰনত ৰাখিব লাগে l
পৰিয়াল আৰু সমাজৰ দায়িত্ব কিবা আছে নে?
যথেষ্ট বেছি l ঔষধতকৈ বেছি বুলি কলেও ভুল কোৱা নহব l নানান ধৰণৰ প্ৰশ্ন সুধি মানুহ জনক আমনি কৰাতকৈ কথাৰ মাজেৰে দিন, বাৰ, মাহ ইত্যাদিৰ আভাষ দি থকা ভাল l সমাজৰ পৰা দূৰত ৰখাতকৈ যিমান পাৰে মানুহৰ লগত মিলা মিচা কৰিব দিব লাগে, যিমান খিনি কাম কৰিব পাৰে কৰি থাকিব দিব লাগে l এইবোৰ কৰিব দিওঁতে বাৰু অকলে কৰিব দিৱ নালাগে, তত্ত্বাৱধানত কৰিব দিব লাগে l যিবোৰ কামত মগজুৰ ব্যবহাৰ হৈ থাকে, যেনে বাতৰি কাকত পঢ়া, Puzzle কৰা, সৰু সুৰা খেলা ধূলা এইবোৰ পাৰা লৈকে কৰি থাকিব লাগে l কিছু চাকৰিয়াল মানুহৰ ক্ষেত্ৰত দেখা যায়, চাকৰি কৰি থকালৈকে ভালেই l
যেতিয়া অৱসৰ লৈ ঘৰত একো নকৰাকৈ বহিব ধৰে, হঠাতে লক্ষণ সমূহ আগমনি ঘটে l গতিকে বয়স বাঢ়ি যোৱা পাছতো যাতে কিবা কিবি কামত ব্যস্ত থাকিব পাৰে, তাৰ এটা পৰিবেশ গঢ়ি তোলা উচিত l



Comments